Are you looking for Valentine’s day Assamese status, wishes and SMS? Your search ends here. We have a great collection of Assamese Valentine’s day Whatsapp messages, Assamese Valentine’s day Whatsapp status, Assamese Valentine’s day Whatsapp wishes, Assamese love messages and many more. Just select one of the latest Assamese status from the list and share with your love ones.
Best Valentine’s Day Assamese Status Wishes SMS For Whatsapp
সকলোৰে দুখ থাকে কিন্তু কোনো দুখেই দুখ হৈ নাথাকে, যেতিয়া এই দুখবোৰ মোৰ পৰা আমাৰ হয় | পৃথিৱীৰ সকলো সুন্দৰতা অনুভৱ আৰু উপভোগ কৰিবলৈ লগত এজন মনে বিচৰা সংগীৰ প্ৰয়োজন | তোমালোক সকলোৰে দুখবোৰ মোৰ পৰা আমাৰ হোৱাৰ কামনাৰে |
মোৰ হৃদয়খনতো এটুকুৰা লোহাৰেই আছিল, কিন্তু মইতো জনা নাছিলো যে তোমাৰ হৃদয়খন এটুকুৰা চুম্বক আছিল | এই ছোৱালী, ভেলেন্টাইন হ’বা মোৰ? ভেলেন্টাইন?
প্ৰেম এক বুজাব নোৱাৰা অনুভূতি, এই অনুভূতি বিশাল আকাশৰ সমান |
জীৱনতো আচলতে এখন কুৰুক্ষেত্ত্র যুদ্ধ | এই যুদ্ধখন জিকিবলে আৰু ঠিক পথত জীৱন ৰথ আগুৱাই নিবলৈ কৃষ্ণৰ নিচিনা এগৰাকী সাৰথিৰ প্ৰয়োজন |
কৃষ্ণ হ’বা তুমি মোৰ? জীৱন ৰথৰ কৃষ্ণ?
তুমি সুন্দৰৰ উপমা নোহোৱা
কিন্তু……………..
তুমি মোৰ সুন্দৰৰ আৰাধনা |
লাভ ইউ দেহা…
স্পন্দনে তোমাৰে নাম লয়
প্ৰতি পলে পলে
আৰু তুমি ঝুলনা ঝুলাই ওমলি আছা
মোৰ তেজৰ শিৰে শিৰে….
আজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে……..
ৰিনি ৰিনি শুনা বাহীঁৰ সুৰৰ দৰে
দুৰে দুৰে বোৱা এখনি নৈৰ দৰে
জীৱন অমানিশাৰ মাজতো জ্বলি ৰ’বা
তুমি মোৰ বুকুত
ছিটিকি পৰা জোনাকৰ দৰে
এটি জোন হৈ….
হেপ্পি ভেলেন্টাইন ডে..
দাদা, হেপ্পি ভেলেন্টাইন ডে…..আপোনাৰ উপাধিটো মোৰ খুব ভাল লাগে | ওৰেটো জীৱন মোৰ নামৰ পাছত লিখিবলৈ অনুমতি পোৱা হ’লে..সময় পালে এবাৰ ভাবি চাবচোন অনুমতি দিব পাৰি নেকি |
হৃদয় যেতিয়া ভাঙে কোনোবাই জানো দেখে, হৃদয়ে যেতিয়া কান্দে কোনোবাই জানো শুনে।হৃদয়ত যিজনে আঘাত দিয়ে সেইজনৰ হৃদয়ে জানো কান্দে। যিয়ে আনৰ হৃদয় ভাঙে সি জানো সুখী হব পাৰে। আনকলৈ সুখী হ’লেও অতীতক জানো পাহৰিব পাৰে ।
You Might Also Like: Best Assamese Whatsapp Status
নাজানো মৰমৰ যদি কিবা সীমা থাকে, মই মাথো দিব খুজো পৰিসৰ বিহীন
মৰম ৷
উৰি যোৱা সময়বোৰ যদি ধৰি ৰাখিব পাৰিলোহেঁতেন, সদায় এমুঠি সময়ক বাধা দি ৰাখিলোহেঁতেন যাতে অতীত হৈ নাযায় আমাৰ ভাললগা ক্ষণবোৰ ৷
মৰমে দুই-হাত মেলে তোমাক সাবটি লবলে। এই দুচকু পালো মই মাঁথো তোমাক চাবলে। এই জীৱন গঢ়িছো মই মাঁথো তোমাৰ হ’বলে। তুমি সোণ পাৰিবানে প্রতিপল মোৰেহৈ ৰবলে | Happy Valentine’s Day.
“সৰ্ম্পক” অন্তৰৰ পৰা হ’ব লাগে, শব্দৰে নহয়,
“বেয়া পোৱা বোৰ” শব্দৰ পৰা হব লাগে
অন্তৰৰ পৰা নহয়!
হেপ্পি ভেলেন্টাইন ডে….
মই সদায় তোমাৰ হব বিচাৰো কিন্তু ভগৱানে জানো আমাক এই পথে আগবাঢ়িবলৈ দিব। তথাপিতো মই ভাবো যদি ধুমুহা আহে হাতে হাতে ধৰিম, যদি বৰষুণ আহে একেলগে তিতিম, আৰু যদি দুখ আহে একেলগে কান্দিম ।
ভালপোৱা সেইয়া নহয় য’ত সদায়ে কথা পাতিব লাগিব, ভালপোৱা সেইয়াও নহয় য’ত ইজনে সিজনক লগ কৰিবই লাগিব, ভালপোৱা সেইয়াহে য’ত দূৰত্ব যিমানেই নহওক কিয় সদায়ে হৃদয়ত তেওঁহে থাকিব লাগিব ।
জীৱনৰ সমষ্ট সেউজীয়া,অশা-আকাংক্ষা,হেপাহঁ,অনুভৱ-অনুভূতি শ্ৰদ্ধা-সন্মান ইত্যাদিৰ যোগফলেই হৈছে প্ৰেম-ভালপোৱা । আৰু এই ভালপোৱা অনুভৱ কৰিবলৈ শিকালা কেৱল তুমি । হেপ্পি ভেলেন্টাইন ডে প্ৰেয়সী ।